Friday, 7 December 2012





মাজুলী পৃথিৱীৰ এক বৃহৎ নদীদ্বীপ, অসমৰ যোৰহাট জিলাৰ এটা মহকুমা, তথা অসমীয়া সংস্কৃতিৰ বৰঘৰ । মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ উদ্যোগৰ সত্ৰসমূহ লৈ ই মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মৰ পীঠ কেন্দ্ৰ । এই দুজন মহাপুৰুষৰ শিষ্য সমগ্ৰ অসমজুৰি থাকিলেও মাজুলীত আজিও তেওঁলোকৰ আদৰশ সংৰক্ষিত, ইয়েই যেন মাজুলীক নৈতিক আৰু আধ্যাত্মিক অৱক্ষৰ পৰা মুক্ত কৰি ৰাখিছে ৷ বিতোপন প্ৰাকৃতিক ৰূপেৰে ভৰা এই ঠাই টুকুৰা পৰ্যটকৰ অন্যতম আকৰ্ষণ কেন্দ্ৰ হিচাপে বিবেচিত হয় । বিভিন্ন জনগোষ্ঠীৰ মিলনে মাজুলীক বাৰে ৰহনীয়া কৰি তুলিছে । অনবৰতে সত্ৰীয়া গীত-মাত, খোল-তাল, নাছ-গান, ভাওনা-সবাহ, অদূৰৰ মিচিং গাঁৱৰ পৰা ভাহি অহা মিচিং গাভৰুৰ ঐনিতমৰ সুৰ, উড়াল আৰু তাঁতশালৰ খদমদম শব্দই মাজুলীৰ জীৱন মুখৰিত কৰি ৰাখে ৷ সত্ৰসমূহৰ গুৰু-গম্ভীৰ পৰিৱেশ, মহাবাহুৰ অনন্য ৰূপ, শাওনৰ সেউজীয়া পথাৰ, আঘোনৰ হালধীয়া সৰিয়হ তলী আৰু আলহী চৰাইজাকে মাজুলীক অনন্য মাত্ৰা দিয়ে ৷
মাজুলী ২৬° ৪৫′ ৰ পৰা ২৭° ১২′ উত্তৰ অক্ষাংশ আৰু ৯৩° ৩৯′ ৰ পৰা ৯৪° ৩৫′ দ্ৰাঘিমাংশত অৱস্থিত, ই যোৰহাটৰ উত্তৰ দিশত অৱস্থিত । মাজুলীয়ে নদীদ্বীপৰ আকাৰ লোৱাৰ আগতেই দিহিং আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ ঠাইখিনিক মজালি বা মাজালি বোলা হৈছিল । ড০ জে পি ৱেডে অষ্টাদশ শতিকাতে মাজুলী শব্দটো ব্যৱহাৰ কৰিছিল । প্ৰবাদ অনুসৰি এসময়ত শাকে-মাছে ভৰপূৰ হোৱাৰ বাবেই এই ঠাইক মাজুলী ( মা=মালক্ষ্মী/ জুলী=ভঁৰাল) বোলা হয় ৷ মাজুলীলৈ যবলৈ যোৰহাটৰ নিমাতী ঘাটৰ পৰা ফেৰীৰে এক আমোদজনক নৌকা যাত্ৰা কৰিব লগা হয় ৷ মাজুলীক চৌদিশে ব্ৰহ্মপুত্ৰ আৰু লুইত নদীয়ে আগুৰি আছে ৷ এসময়ত মাজুলীৰ ভৌগোলিক মাটিকালি ১২৫৬ বৰ্গ কিলোমিটাৰ আছিল যদিও এতিয়া ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ বাবে মাজুলীৰ ভূখণ্ড সংকীৰ্ণ হৈ পৰিছে ৷ বছৰে বছৰে হৈ থকা বান আৰু গৰাখহনীয়াই মাজুলীৰ মনোমোহা ভৌগোলিক/ সাংস্কৃতিক পৰিৱেশটোলৈ ভাবুকি কঢ়িয়াই আনিছে ৷
আজিৰ এই তথ্য-প্ৰযুক্তিৰ অভ্যুত্থানৰ যুগত ফেচবুক সামাজিক জীৱনৰ এক গুৰুত্বপূৰ্ণ মাধ্যম হৈ পৰিছে ৷ যুগৰ লগত ফেৰ মাৰি চলিবলৈ, মাজুলীকো ফেচবুকৰ পাতত উপস্থাপন কৰি অসমীয়াৰ বৰঘৰটিৰ জন-সংস্কৃতি জীয়াই ৰাখিবলৈ আৰু ইয়াক নতুন প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ প্ৰয়োজন হৈছে ৷ কাৰণ আজিৰ প্ৰজন্ম কিতাপ আলোচনীতকৈ ইন্টাৰনেটৰ ওপৰত বেছি নিৰ্ভৰশীল ৷ পৃথিৱীৰ চুকে কোণে থকা নতুন প্ৰজন্মৰ লগত মাজুলীৰ একতাৰ বান্ধোনডাল ধৰি ৰখিবলৈও ফেচবুকে এক উত্তম মঞ্চ প্ৰদান কৰিছে ৷ এনে উদ্দেশ্য আগত ৰাখি ফেচবুকৰ পাতত এই “Majuli-মাজুলী” (মাজুলী আড্ডা/Majuli Adda) Page টো আৰম্ভ কৰা হ'ল ৷ Page টো LIKE কৰি ইয়াৰ সদস্য হওঁক আৰু আমাৰ এই যাত্ৰাৰ অংশীদাৰ হওঁক ৷ ইয়াত মাজুলী বিষয়ক যিকোনো কথা, মতামত, ছবি আৰু ভিডিঅ' প্ৰকাশ কৰক, নতুন বিষয়বস্তু উত্থাপন কৰি আলোচনা কৰক ৷ ( বিষয় সমূহ আমালৈ পঠাবৰ বাবে আমাৰ Email ID: addamajuli@gmail.com ) মাজুলীত খোলে-তালে, নাছে-গানে, ভাওনাই-সবাহে, ঐনিতমেৰে দপদপাই থকা মাজুলীয়ানে ফেচবুকৰ পাততো দপদপাই থাকক ! আহক আমি মাজুলীৰ ভৌগোলিক/ সাংস্কৃতিক সুৰক্ষাৰ বাবে ফেচবুকৰ পাততো এক জনমত জাগৃত কৰো…….

1 comment:

  1. আমিও মাজুলীৰ ওৰে জীৱন থাকিব বিচাৰো |

    ReplyDelete